নিয়োগকৰ্তা আৰু কৰ্মচাৰী উভয়ৰে ভৱিষ্যনিধিৰ ধনৰ অংশ পৰিশোধ কৰিব কেন্দ্ৰ চৰকাৰে

Wednesday, 01 April 2020

দৈনিক বাতৰি

নিয়োগকৰ্তা আৰু কৰ্মচাৰী উভয়ৰে ভৱিষ্যনিধিৰ ধনৰ অংশ পৰিশোধ কৰিব কেন্দ্ৰ চৰকাৰে

জিপ্লাছ | March 26, 2020 14:16 hrs

২৬ মাৰ্চ, গুৱাহাটী - কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি কয় যে পৰৱৰ্তী তিনিমাহৰ বাবে বিভিন্ন ক্ষেত্ৰৰ নিয়োগকৰ্তা আৰু কৰ্মচাৰী উভয়ৰে ভৱিষ্যনিধিৰ কিস্তিধনৰ অংশ কেন্দ্ৰ চৰকাৰে পৰিশোধ কৰিব। উল্লেখ্য যে ভৱিষ্য নিধিত মূল কিস্তিৰ ৭৬ শতাংশ কৰ্মচাৰীৰ দৰমহাৰ পৰা কৰ্তন কৰা হয় আৰু বাকী ২৪ শতাংশ নিয়োগকৰ্তাই পৰিশোধ কৰিব লাগে। এতিয়া পৰৱৰ্তী তিনিমাহৰ বাবে সম্পূৰ্ণ ১০০ শতাংশ কিস্তি ধনেই কেন্দ্ৰ চৰকাৰে পৰিশোধ কৰিব।  

ইফালে সংগঠিত খণ্ডত ভাৰত চৰকাৰে নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ বাবে ১২ শতাংশ কিস্তি ধন আগবঢ়াব। এইক্ষেত্ৰতো পৰৱৰ্তী ৩ মাহৰ বাবেই ইপিএফ একাউণ্টত ধন প্ৰদান কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিবোৰ প্ৰতিষ্ঠানত ১০০ ৰো অধিক কৰ্মচাৰী আছে আৰু তাৰ ৯০ শতাংশই ১৫০০০ টকাতকৈ কম দৰমহা লাভ কৰে, তেনেক্ষেত্ৰত চৰকাৰে এই ভৱিষ্যনিধিৰ ধন পৰিশোধ কৰিব।