১১ অক্টোবৰত মুকলি হ’ব উত্তৰ - পূৰ্বাঞ্চলৰ চলচ্চিত্ৰৰ প্ৰথমটো এপ্প ‘চিনে গ’ল্ড নৰ্থ-ইষ্ট’
দৈনিক বাতৰি

১১ অক্টোবৰত মুকলি হ’ব উত্তৰ - পূৰ্বাঞ্চলৰ চলচ্চিত্ৰৰ প্ৰথমটো এপ্প ‘চিনে গ’ল্ড নৰ্থ-ইষ্ট’

জিপ্লাছ নিউজ ডেস্ক | September 17, 2019 12:11 hrs

১৭ ছেপ্তেম্বৰ, গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতলৈ এক নতুন পৰিৱৰ্তন। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰক এখন ডিজিটেল মঞ্চ দিয়াৰ  প্ৰয়াস। অন্য ভাষাৰ ছবিসমূহ  ডিজিটেল মাধ্যমত অতি সহজে উপলব্ধ হোৱা দেখা যায়। আনহাতে উত্তৰ- পূৰ্বাঞ্চলৰ ছবিসমূহ চাবলৈ তেনে কোনোধৰণৰ এপ্প তথা ডিজিটেল মাধ্যমত  উপলব্ধ হোৱা নাছিল।   

অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত গুৱাহাটীৰ কেবাগৰাকী প্ৰযোজকৰ প্ৰচেষ্টাত অহা ১১ অক্টোবৰত চিনে গ’ল্ড নৰ্থ - ইষ্ট’ নামৰ প্ৰথমটো চলচ্চিত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। এপ্পটোৰ মুকলি কৰাৰ প্ৰথম এমাহত দৰ্শকসকলে বিনামূলীয়াকৈ উত্তৰ- পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ, তথ্যচিত্ৰ, ছুটি ছবি আৰু মিউজিক ভিডিঅ’সমূহ উপভোগ কৰিব পাৰিব। ১১ নৱেম্বৰৰ পিছৰ পৰা অতি কম মূল্যত বিশ্বৰ যেকোনো ঠাইৰ দৰ্শকে  মোবাইল ফোনতে যিকোনো ভাষাৰ চলচ্চিত্ৰ তথা, গীতৰ ভিডিঅ’সমূহ উপভোগ কৰিব পাৰিব।

 এই সন্দৰ্ভত চিনে গ’ল্ড নৰ্থ ইষ্টৰ  সঞ্চালকমণ্ডলীৰ হৈ জোনমণি দেৱী খাউণ্ডে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম চিনেমাৰ এই মোবাইল এপ্পটোৰ যাৱতীয় প্ৰস্তুতি  ইতিমধ্যে  সম্পূৰ্ণ হৈছে। এই এপ্পটো অতি শীঘ্ৰেই দৰ্শকসকলে গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। 


লগতে এপ্পটোৰ সঞ্চালকমণ্ডলীয়ে ইচ্ছুক প্ৰযোজকসকলক তেওঁলোকৰ চলচ্চিত্ৰসমূহ এপ্পযোগে আপল’ড দিবলৈ আহ্বান জনায়। এই এপ্পটোত চলচ্চিত্ৰসমূহ আপল’ড  কৰিলে প্ৰযোজকসকলক উচিত মাননিও প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে। 

উক্ত এপ্পটোত চলচ্চিত্ৰ দিবলৈ আগ্ৰহী প্ৰযোজকসকলে cinegoldnortheast@gmail.com আৰু  www.cinegold.com.in ৱেবছাইটযোগে যোগাযোগ কৰিব পাৰিব।  
 

Banner