আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰে নৈশভোজত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

Friday, 03 April 2020

দৈনিক বাতৰি

আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰে নৈশভোজত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

জিপ্লাছ | February 26, 2020 10:28 hrs

গুৱাহাটী - মঙলবাৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে বর্তমানে ভাৰত ভ্রমণৰত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সন্মানত নতুন দিল্লীৰ ৰাষ্ট্রপতি ভৱনত আয়োজন কৰা নৈশভোজত অংশগ্রহণ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

এই নৈশভোজলৈ দেশৰ মাত্র চাৰিগৰাকী মুখ্যমন্ত্রীক নিমন্ত্রণ জনোৱা হৈছে আৰু এইসকলৰ অন্যতম হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ উত্তৰ–পূর্বাঞ্চলৰ পৰা একমাত্র মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক এই নৈশভোজলৈ নিমন্ত্রণ জনোৱা হৈছে৷ নৈশভোজত উপস্থিত থাকি মুখ্যমন্ত্রী সোণোৱালে আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীৰ সৈতে কৰমর্দন কৰি বার্তালাপ কৰে৷ মুখ্যমন্ত্রী সোণোৱালৰ লগতে কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পা, তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰকো এই নৈশভোজলৈ নিমন্ত্রণ জনোৱা হৈছে৷