নগাওঁ আৰু কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণ - প্ৰধানমন্ত্ৰীৰে বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
দৈনিক বাতৰি

নগাওঁ আৰু কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণ - প্ৰধানমন্ত্ৰীৰে বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

জিপ্লাছ ব্যুৰ’ | June 12, 2019 17:54 hrs

১৩ জুন, গুৱাহাটী - অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি অসমৰ মৃতপ্ৰায় কাগজকল ক্ৰমে নগাওঁ আৰু কাছাৰ কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে আহ্বানেৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে। 

উল্লেখ্য যে কাছাৰ জিলাত থকা পঞ্চগ্ৰাম কাগজ কলটো ২০১৫ চনৰ ছেপ্তেম্বৰ মাহৰ পৰাই বন্ধ হৈ থকাৰ বিপৰীতে ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে নগাওঁৰ জাগীৰোড কাiজ কল। জানিব পৰামতে দুয়োটা কাগজ কলৰে কৰ্মচাৰীসকলে ২০১৬ চনৰে পৰা লাভ কৰা নাই দৰমহা। এনে বিষম পৰিস্থিতিত ইতিমধ্যেই কেবাগৰাকীও কৰ্মচাৰীয়ে আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে।

 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এই স্মাৰক পত্ৰখনত উল্লেখ কৰিছে যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰতেই এই দুয়োটা কাগজকল পুনৰুজ্জীৱিত কৰি তোলাৰ কথা উল্লেখ কৰিছিল। স্মাৰকপত্ৰখনৰ যোগেদি প্ৰধানমন্ত্ৰীক জনোৱা হৈছে যে এই কলদুটাৰ কৰ্মচাৰীসকল ইতিমধ্যে নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেল আৰু তাৰ পিছত নেশ্যনেল কোম্পাৱী ল এপিলেট ট্ৰিবিউনেলৰো দ্বাৰস্থ হৈছে।

অৱশ্যে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠক সফল হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ-পূৱৰ ৰাইজৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কেন্দ্ৰই সকলো প্ৰকাৰৰ সহায় আগবঢ়াই যাব বুলি উল্লেখ কৰিছে। 

Banner

প্ৰধানমন্ত্ৰীৰে বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    Do you want to sell your kidney, Global Hospital is urgently in need for O+ve B+ve and A+ve kidney donation. If any one is willing to donate, please contact this whatsApp +918296078842. Email: globalkidneyhospital@gmail.com