মূল্য নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱসায়ী সমাজলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

Wednesday, 01 April 2020

দৈনিক বাতৰি

মূল্য নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱসায়ী সমাজলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

জিপ্লাছ | March 26, 2020 10:58 hrs

২৬ মাৰ্চ, গুৱাহাটী - ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত বজাৰত এক জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি জনতা ভৱনত কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চৰ প্ৰতিনিধি আৰু পাইকাৰী বিপণন পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে শাক-পাচলিৰ মূল্য সংক্ৰান্তত এক আলোচনাত মিলিত হয়।

মুখ্যমন্ত্ৰী সোণোৱালে দুয়োটা বাণিজ্য নিকায়কেই বজাৰৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় যাতে সৰ্বসাধাৰণ ৰাইজে ইয়াৰ দুৰ্ভোগ ভুগিবলগীয়া নহয়।

বজাৰত সামগ্ৰীৰ উপলব্ধতা আৰু অন্যান্য সমস্যা সমাধানৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ এগৰাকী বিষয়া তৎকালীনভাৱে নিয়োগ কৰাৰ বিষয়টোতো সন্মতি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

ইফালে পাইকাৰী বিপণন পৰিষদৰ অনুৰোধ সাপেক্ষে মুখ্যমন্ত্ৰীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ শাক-পাচলিৰ বাহনবোৰ যাতে সুচাৰুৰূপে চলাচল কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে ২১ দিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত যাতে সৰ্বসাধাৰণ লোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিত ভুগিবলগীয়া নহয় তাৰ প্ৰতি সকলোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।