ক’ৰোনা ত্ৰাস - কাছাৰ আৰু কৰিমগঞ্জৰ বাবে জিলা সীমান্ত ছীল কৰিলে হাইলাকান্দিয়ে

Saturday, 06 June 2020

দৈনিক বাতৰি

ক’ৰোনা ত্ৰাস - কাছাৰ আৰু কৰিমগঞ্জৰ বাবে জিলা সীমান্ত ছীল কৰিলে হাইলাকান্দিয়ে

জিপ্লাছ | April 01, 2020 15:38 hrs

০১ এপ্ৰিল, গুৱাহাটী - হাইলাকান্দি জিলা প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইয়াৰ জিলা সীমান্ত ছীল কৰি দিছে। কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ সৈতে জিলাখনে বিনিময় কৰা সীমান্ত পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে জিলাখনে। 

শিলচৰ মেডিকেল কলেজ হাস্পতালত কালি অসমৰ তথা কৰিমগঞ্জ জিলাৰ প্ৰথমগৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছতে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে জিলাখনে পূৰ্বে মিজোৰামৰ সৈতেও আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰি দিছিল। জিলা প্ৰশাসন আৰু আৰক্ষীয়ে এই সীমাবোৰত ব্যাপক নিৰীক্ষণ অব্যাহত ৰাখিছে।

উল্লেখ্য যে এই পৰ্যন্ত অসম ৫ গৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ থকাৰ কথা পোহৰলৈ আহিছে। সম্প্ৰতি অসমৰ পাচগৰাকী, মিজোৰাম আৰু মণিপুৰৰ এগৰাকীকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে।