বিধানসভাত হাত কাটি তেজেৰে লিখি প্ৰতিবাদ ৰূপজ্যোতি কুৰ্মীৰ
দৈনিক বাতৰি

বিধানসভাত হাত কাটি তেজেৰে লিখি প্ৰতিবাদ ৰূপজ্যোতি কুৰ্মীৰ

জিপ্লাছ ব্যুৰ' | December 03, 2019 12:11 hrs

৩ ডিচেম্বৰ, গুৱাহাটী - সততে সংবাদ শিৰোনাম দখল কৰা মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ হাত কাটি তেজেৰে লিখিলে প্ৰতিবাদী শ্লোগান। আজি বিধানসভা চৌহদত হাত কাটি এখন কাগজত তেজেৰে শ্লোগান লিখি ক্ষোভ প্ৰকাশ কৰি বিধায়কগৰাকীয়ে।

প্ৰাপ্ত খবৰ অনুসৰি, নগাওঁ আৰু কাছাৰ কাগজ কলক লৈ চৰকাৰৰ স্থিতিৰ বিৰোধিতাৰে বিধায়কগৰাকীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে কুৰ্মীয়ে এই প্ৰতিদবাদতে হাতীমাৰি চাহ বাগিচা আৰু নামৰূপ সাৰ কাৰখানাৰ বিষয়েও উল্লেখ কৰে। 

কুৰ্মীয়ে তেজেৰে এইদৰে লিখে, জাতি মাটি ভেটিৰ নামত অসমীয়াৰ আবেগ আৰু ভৱিষ্যত বিক্ৰী কৰিবলৈ দিয়া নহ'ব, জয় আই অসম।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও বিগত ৩০ নৱেম্বৰত বিধানসভাৰ মঁজিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা বাবে কুৰ্মীক অসম বিধানসভাৰ পৰা বৰ্খাস্ত কৰা হৈছিল।