দেৱালীৰ পূৰ্বে ক'ৰোনা ভাইৰাছৰ প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা ক্ষীণ-  স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Saturday, 30 May 2020

দৈনিক বাতৰি

দেৱালীৰ পূৰ্বে ক'ৰোনা ভাইৰাছৰ প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা ক্ষীণ-  স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

জিপ্লাছ নিউজ ডেস্ক | April 04, 2020 15:59 hrs

৪ এপ্ৰিল, গুৱাহাটীঃ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুতকৰনৰ বাবে পৰীক্ষা -নিৰীক্ষা চলাইছে  বিশ্বৰ বিভিন্ন চিকিৎসাবিজ্ঞানীসকল। আজি ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কয় যে দেৱালীৰ পূৰ্বে ক'ৰোনা ভাইৰাছৰ প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা নাই।

লগতে মন্ত্ৰীগৰাকীয়ে কয় - "আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহতীয় প্ৰতিষেধক প্ৰস্তুতকৰনৰ বিষয়ত তীক্ষ্ন নজৰ ৰাখিছো। কিন্তু এই প্ৰতিষেধক প্ৰস্তুতকৰন প্ৰক্ৰিয়া এতিয়াও প্ৰথম পৰ্যায়তে আছে। বিজ্ঞানীসকলে এই প্ৰতিষেধকৰ নমুনা জীৱ জন্তু আৰু মানুহৰ শৰীৰত প্ৰয়োগ কৰি পৰীক্ষা-নিৰীক্ষা চলাইছে।" 

এতিয়ালৈকে ৰাজ্যত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি হৈছে। ইয়াৰে ২৪ গৰাকী লোকেই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰিছিল।