ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৯৭৯ জনলৈ বৃদ্ধি, মৃতকৰ সংখ্যা ২৫ জন

Saturday, 06 June 2020

দৈনিক বাতৰি

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৯৭৯ জনলৈ বৃদ্ধি, মৃতকৰ সংখ্যা ২৫ জন

জিপ্লাছ নিউজ ডেস্ক | March 29, 2020 12:46 hrs

২৯ মাৰ্চ, গুৱাহাটীঃ বিশ্বজুৰি ক’ৰোনাৰ তাণ্ডৱলীলা। ভাৰতত ক্ৰমাত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা।  ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৯৭৯ জন আৰু মৃতকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি।

সংবাদমাধ্যমৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশত ১৪ জন, আন্দামান নিকোবৰ দ্বীপপুঞ্জত ৯ জন, বিহাৰত ৯, চণ্ডীগড়ত ৮ জন, চত্তিশগড়ত ৬ জন,দিল্লীত ৩৯ জন, গোৱাত ৩ জন, গুজৰাটত ৫৩ জন, হাৰিয়ানাত ৩৩ জন, হিমাচল প্ৰদেশত ৩ জন, জম্মু-কাশ্মীৰত ৩১ জন, কৰ্নাটকত ৭৬ জন, কেৰেলাত ১৮২ জন, লাডাখত ১৩ জন, মধ্যপ্ৰদেশত ৩০ জন, মহৰাষ্ট্ৰত ১৮৬ জন, মনিপুৰত ১ জন, মিজোৰামত ১ জন, উড়িষ্যাত ৩ জন, পণ্ডীচেৰীত ১ জন, পাঞ্জাৱত ৩৮ জন, ৰাজস্থানত ৫৪ জন, তামিলনাডুত ৪২ জন, তেলেংগানাত ৬৬ জন, উত্তৰাখণ্ডত ৬ জন, উত্তৰপ্ৰদেশত ৫৫ জন, পশ্চিমবংগত ১৭ জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

আনহাতে সমগ্ৰ বিশ্বজুৰি এই মাহামাৰীত মৃত্যুৰ সংখ্যা ৩০,০০০ লৈ বৃদ্ধি পাইছে। এতিয়ালৈ ইটালীত সৰ্বাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। ইটালীত মৃতকৰ সংখ্যা ১০,০০০ হাজাৰলৈ বৃদ্ধি পাইছে।