কৰোনা ভাইৰাছ লকডাউনঃ কেৰেলা, পাঞ্জাৱত সুৰাজাতীয় পানীয়ক প্ৰয়োজনীয় সামগ্ৰী হিচাপে ঘোষণা

Wednesday, 01 April 2020

দৈনিক বাতৰি

কৰোনা ভাইৰাছ লকডাউনঃ কেৰেলা, পাঞ্জাৱত সুৰাজাতীয় পানীয়ক প্ৰয়োজনীয় সামগ্ৰী হিচাপে ঘোষণা

জিপ্লাছ নিউজ ডেস্ক | March 26, 2020 16:32 hrs

২৬ মাৰ্চ, গুৱাহাটীঃ দেশজুৰি কৰোনা ভাইৰাছৰ সন্ত্ৰাস। দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰোনা ভাইৰাছক ব্যাপক সংক্ৰমনতাৰ প্ৰতি লক্ষ্য ৰাখি এপ্ৰিলৰ ১৪ তাৰিখলৈ তলা বন্ধৰ ঘোষণা কৰে। লকডাউনৰ সময়ছোৱাত পাঞ্জাৱ আৰু কেৰেলাত সুৰাজাতীয় পানীয়ক প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰে।  

 

কেৰেলাৰ মুখ্যমন্ত্ৰী বিজয়নে কয়ঃ "মোৰ লগত শেহতীয়াকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ এটা মেছেজ আছে। মই আপোনালোকৰ বাবে পঢ়ি দিছো – তেওঁ লকডাউনৰ সন্দৰ্ভত বিৱৰি কয় যে গেলামাল আৰু সুৰা এতিয়া অতিকৈ প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।"

 

 প্ৰাপ্ত তথ্য অনুসৰি লকডাউনৰ স্বত্বেও পাঞ্জাৱত সুৰাৰ বিপনীসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে।