ক’ৰোনা আতংক - অসমে স্থাপন কৰিব ২৪ ঘণ্টাই সক্ৰিয় নিয়ন্ত্ৰণ কক্ষ আৰু হেল্পলাইন

Wednesday, 01 April 2020

দৈনিক বাতৰি

ক’ৰোনা আতংক - অসমে স্থাপন কৰিব ২৪ ঘণ্টাই সক্ৰিয় নিয়ন্ত্ৰণ কক্ষ আৰু হেল্পলাইন

জিপ্লাছ | March 26, 2020 11:03 hrs

২৬ মাৰ্চ, গুৱাহাটী - ন’ভেল ক’ৰোনা ভাইৰাছৰ ব্যাপকতাৰ প্ৰতি আগতীয়া সাৱধানতা অৱলম্বনৰ বাবেই ৰাজ্যত এক অনবৰতে সক্ৰিয় হৈ থকা নিয়ন্ত্ৰণ কক্ষ আৰু হেল্পলাইন মুকলি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই ৰোগ সন্দৰ্ভত জনসাধাৰণৰ প্ৰশ্ন তথা জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত যাতে তৎকালীনভাৱে সাহায্য আগবঢ়াব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিয়ন্ত্ৰণ কক্ষ মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে।

ইফালে কৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে জিলা খনৰ কাৰ্যবাহী দণ্ডাধীশ আৰু উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীক লৈ পুনৰ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।

উক্ত নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ হৈছে 03752245761, টল ফ্ৰি নম্বৰ হৈছে 1077 , কাৰ্যবাহী দণ্ডাধীশ সকলে নিয়ন্ত্ৰণ কক্ষৰ তত্বাৱধায়ক হিচাপে দায়িত্ব পালন কৰিব আৰু নিয়ন্ত্ৰণ কক্ষ লৈ অহা সকলো তথ্য সম্পৰ্কত যাবতীয় পদক্ষেপ গ্ৰহণ কৰিব ।

তেওঁলোকে আৰক্ষী প্ৰশাসন ৰাজহ চক্ৰ বিষয়া আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ লগতে কামৰ অগ্ৰগতিৰ সম্পৰ্কত জিলা উপায়ুক্তক অৱগত কৰিব ।