COVID-19: 2 More Cases Connected to Guwahati's Aloo Godam Case Indentified | Assamese News |
দৈনিক বাতৰি

ক’ভিড ১৯ - গুৱাহাটীত আৰু দুজনৰ দেহত পজিটিভ, শতকৰ দিশে অসম

জিপ্লাছ | May 16, 2020 12:22 hrs

১৬ মে’, গুৱাহাটী - গুৱাহাটীত আৰু দুজন লোকৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ। আজি ধৰা পৰা এই দুগৰাকী লোকো ফাঁচী বজাৰৰ আলু গুডাম কাণ্ডৰ সংস্পৰ্শলৈ আহিছিল। 

প্ৰাপ্ত তথ্য অনুসৰি, ফাঁচী বজাৰৰ এই ঘটনাৰ সৈতে জড়িত লোকৰ পৰা ২১০ টা নমুনা সংগ্ৰহ কৰা হৈছিল। 

ইফালে ১৫ মে’ত অসমত নতুনকৈ আক্ৰান্ত হোৱা তিনিগৰাকী লোকৰ ভিতৰত এগৰাকী সৰুসজাইৰ কোৰেণ্টাইন কেন্দ্ৰত থকা লোক, এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হস্পিতালত চিকিৎসা গ্ৰহণ কৰি থকা লোক আৰু আনগৰাকী পশ্চিমবঙ্গলৈ প্ৰব্ৰজিত হোৱা লোক। 

এই পৰ্যন্ত ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৯১ লৈ। ইয়াৰ ভিতৰত ৪৪ গৰাকী লোক চিকিৎসাধীন হৈ আছে আৰু ২ গৰাকী লোকৰ মৃত্যু হৈছে। 

ইফালে ৪১ গৰাকী লোকে নিৰাময় লাভ কৰিছে আৰু ২ গৰাকী লোক অসমৰ পৰা ইতিমধ্যেই আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিছে।