COVID-19: Allahabad Bank Machkhowa Branch Sealed Off | Guwahati News | Assamese News |
দৈনিক বাতৰি

কামৰূপ মহানগৰ প্রশাসনে ছীল কৰিছে মাছখোৱাৰ এলাহাবাদ বেংক

জিপ্লাছ | May 15, 2020 16:34 hrs

১৬ মে’, গুৱাহাটী - ফাঁচীবজাৰৰ আলুপট্টিৰ পৰাই অধিকসংখ্যক লোকলৈ কৰ’না সংক্রমণৰ সন্দেহ ঘনীভূত হৈছে৷ এনে কাৰণতেই কামৰূপ মহানগৰ প্রশাসনে ছীল কৰিছে মাছখোৱাৰ এলাহাবাদ বেংক৷

ৰাজকমল হোটেলৰ সমীপত আক্রান্ত হোৱা এজন ক’ৰোনা ৰোগী এলাহাবাদ বেংকৰ উক্ত শাখালৈ যোৱাৰ তথ্য লাভ কৰি প্রশাসনে বেংকটো ছীল কৰে৷ লগতে কর্মৰত সকলো বেংক বিষয়া-কর্মচাৰীক হোম কোৰেণ্টাইনৰ নির্দেশ দিছে৷

ফাঁচীবজাৰৰ অধিকসংখ্যক লোক বিত্তীয় লেনদেনৰ বাবে মাছখোৱাৰ উক্ত বেংকটোলৈ যোৱাৰ বাবে প্রশাসন তৎপৰ হৈ পৰিছে৷ বেংকটোৰ আটাইকেইজন কর্মচাৰীৰ লেলাউটি সংগ্রহ কৰি পৰীক্ষা কৰা হ’ব৷ বিগত কেইদিনত বেংকলৈ যোৱা বিভিন্ন লোকৰ তথ্যও সংগ্রহ কৰি থকা হৈছে৷

গুৱাহাটীৰ আটাইকেইটা কণ্টেইনমেণ্ট জ’নৰ ভিতৰত এতিয়া ফাঁচিবজাৰেই সর্বাধিক স্পর্শকাতৰ হিচাপে পৰিগণিত হৈছে৷ ইফালে বিগত ৬ দিনত ফাঁচিবজাৰৰ কৰ’না সংক্রমিত স্থান আৰু তাৰ আশে-পাশে যোৱা লোকসকলৰ ঠিকনা ম’বাইল টাৱাৰৰ সহায়ত সংগ্রহৰ কাম আৰক্ষীয়ে আৰম্ভ কৰিছে৷

প্রশাসনে ফাঁচীবজাৰৰ এটা অংশ ছীল কৰাৰ পাছতো এছ আৰ পথত একাংশ দোকান আজি খোলাক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ চেম্বাৰ অৱ কমার্চে ব্যাৱসায়িক প্রতিষ্ঠান তিনি দিনলৈ বন্ধৰ আহবান উলংঘা কৰিছে একাংশ ব্যৱসায়ীয়ে৷ আনহাতে, শান্তিপুৰ, কুমাৰপাৰা কণ্টেইনমেণ্ট জ’নৰ আৱাসীৰ মাজতো আতংকৰ সৃষ্টি হৈছে৷ কিয়নো কুমাৰপাৰাত নাপিত বিন্দেশ্বৰী ঠাকুৰ বাস কৰিছিল৷ প্রশাসনে কালি ছীল কৰা এটাও কণ্টেইনমেণ্ট জ’নৰ পৰা মানুহ বাহিৰলৈ ওলাবলৈ দিয়া নাই৷