Covid-19 Cases in Assam Reach 100 | Assamese News |
দৈনিক বাতৰি

অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই চুলে ১০০

জিপ্লাছ | May 17, 2020 21:55 hrs

১৭ মে’, গুৱাহাটী - অসমত আৰু তিনিগৰাকী লোক নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে, ইয়াৰ লগে লগে অসমত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে শতকৰ ঘৰ।

এই সন্দৰ্ভত মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কয়, "গুৱাহাটীত তিনিগৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ পোৱা হৈছে। ইয়াৰে দুগৰাকী মুম্বাইৰ পৰা আহিছিল আৰু এগৰাকী আহিছিল          বিহাৰৰ পৰা।”

তেওঁ লগতে কয় যে এই তিনিওগৰাকী লোকেই সৰুসজাইৰ কোৰেণ্টাইন কেন্দ্ৰত আছে। 

সম্প্ৰতি অসমত সক্ৰিয় হৈ থকা ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৫৫ লৈ। অৱশ্যে এই পৰ্যন্ত ৪১ গৰাকী লোকে আৰোগ্য লাভ কৰিছে আৰু ২ গৰাকী লোকৰ মৃত্যু হৈছে। ইফালে ২ গৰাকী লোক আন ৰাজ্যলৈ ইতিমধ্যেই প্ৰব্ৰজিত হৈছে।
 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Binoy Verma

    Very unfortunate for our Assam. Everyone should co-operate with the government to fight the pandemic COVID-19.