COVID-19: India Crosses China's Tally, Over 85,000 Cases Reported | Assamese News |
দৈনিক বাতৰি

ক’ভিড-১৯ : চীনক অতিক্ৰম কৰিলে ভাৰতে, ৮৫,০০০ ৰো অধিক লোক আক্ৰান্ত

জিপ্লাছ | May 16, 2020 10:10 hrs

১৬ মে’, গুৱাহাটী - ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাৰ দিশেৰে চীনকো অতিক্ৰম কৰিলে ভাৰতে। সম্প্ৰতি ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৮৫,৯৪০ হৈছেগৈ। 

উল্লেখ্য যে শুক্ৰবাৰেই মহাৰাষ্ট্ৰত নতুনকৈ আক্ৰান্ত হৈছে ১৫৭৬ গৰাকী লোক। ইফালে একেটা দিনতে তামিলনাডুত ৩৮৫ গৰাকী আৰু গুজৰাটত ৩৪০ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে ১৪ মে’ তাৰিখে এই সংখ্যা আছিল ৮১,৯৭০। উক্ত দিনালৈ চীনৰ সংখ্যা আছিল ৮৪,০৩২ গৰাকী।

অৱশ্যে বিগত দুটা মাহত চীনত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দিশটো যথেষ্ট মন্থৰ হৈ পৰিছে। তাৰ বিপৰীতে ভাৰতত এই সময়ছোৱাতে হঠাতে ক্ষীপ্ৰতাৰে বৃদ্ধি হৈছে ৰোগীৰ সংখ্যা। 

ইফালে ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষেত্ৰত ভাৰতলৈ ভেণ্টিলেটৰ প্ৰদানেৰে আমেৰিকাই সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই সন্দৰ্ভত কালি নিশা এক টুইট কৰিছে আমেৰিাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।