ভাৰতত  কৰোনাত আক্ৰান্তৰ সংখ্যা ৮৭৩ জনলৈ বৃদ্ধি, ২৪ ঘণ্টাত ১৪৯ টা ঘটনা বৃদ্ধি 

Saturday, 06 June 2020

দৈনিক বাতৰি

ভাৰতত  কৰোনাত আক্ৰান্তৰ সংখ্যা ৮৭৩ জনলৈ বৃদ্ধি, ২৪ ঘণ্টাত ১৪৯ টা ঘটনা বৃদ্ধি 

জিপ্লাছ নিউজ ডেস্ক | March 28, 2020 10:52 hrs

২৮ মাৰ্চ, গুৱাহাটীঃ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ভাৰতত ১৪৯ জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হয়। 


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত কৰোনা আক্ৰান্তত ৰোগীৰ সংখ্যা ৮৭৩ জনলৈ বৃদ্ধি পাইছে আৰু মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি হৈছে। 


উল্লেখযোগ্য যে ভাৰতত ইতিমধ্যে ৪৭ জন বিদেশী পৰ্যটকসহ ৭৯ জন লোক সুস্থ হৈ উঠিছে। তেওঁলোকক নিজ নিজ দেশলৈ পঠিয়াবলৈ ভাৰত চৰকাৰে ব্যৱস্থা হাতত লৈছে।