ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা ৭২৪ জনলৈ বৃদ্ধি , মৃত্যু ১৭ জন

Thursday, 04 June 2020

দৈনিক বাতৰি

ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা ৭২৪ জনলৈ বৃদ্ধি , মৃত্যু ১৭ জন

জিপ্লাছ | March 27, 2020 10:31 hrs

২৭ মাৰ্চ, গুৱাহাটীঃ বিশ্বজুৰি ক’ৰোনাতংক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ ৭২৪ জনলৈ  আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি হৈছে। অৱশ্যে ইয়াৰে ৪৭ জন লোক বিদেশী বুলি জানিব পৰা গৈছে। ইফালে ৬৭ গৰাকী লোক ইতিমধ্যে এই ভাইৰাছৰ পৰা উপশম লাভ কৰিছে।

এতিয়ালৈ ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত ১২৪ টা কৰোনা পজিটিভ ঘটনা ধৰা পৰিছে ইয়াৰে ৩ জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে।

আনহাতে উত্তৰ-পূবত দুটাকৈ কৰোনা ভাইৰাছ পজিটিভ ঘটনা এতিয়ালৈ পোহৰলৈ আহিছে। মনিপুৰৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ আৰু মিজোৰামৰ এগৰাকী বয়োজেষ্ঠ্য ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে। 
 
উল্লেখ্য যে অসমত এতিয়ালৈ কৰোনা ভাইৰাছত পজিটিভ  ঘটনা পোহৰলৈ অহা নাই।