ক’ভিড-১৯ - অসম আৰোগ্য নিধিলৈ ৮ কোটি বৰঙণি

Saturday, 06 June 2020

দৈনিক বাতৰি

ক’ভিড-১৯ - অসম আৰোগ্য নিধিলৈ ৮ কোটি বৰঙণি

জিপ্লাছ | April 01, 2020 15:06 hrs

০১ এপ্ৰিল, গুৱাহাটী - ক’ভিড-১৯ ক প্ৰতিহত কৰিবলৈ অসম চৰকাৰৰ প্ৰয়াসলৈ সমগ্ৰ ৰাজ্যবাসীয়ে আকুণ্ঠ সঁহাৰি জনাইছে।

এই পৰ্যন্ত ৬২৫২ গৰাকী লোক তথা প্ৰতিষ্ঠানে এই নিধিলৈ ধন আগবঢ়াইছে। অসম আৰোগ্য নিধিত এতিয়ালৈ জমা হোৱা ধনৰ পৰিমাণে ৮ কোটি অতিক্ৰম কৰিছএ। আজি এক সংবাদ মেল যোগে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।

অনাগত সময়ছোৱাত আৰু অধিক বৰঙণি অহাৰ সম্ভাৱনা আছে বুলিও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।