ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা  ৬৪৯ জনলৈ বৃদ্ধি , মৃত্যু ১৩ জন

Wednesday, 01 April 2020

দৈনিক বাতৰি

ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা  ৬৪৯ জনলৈ বৃদ্ধি , মৃত্যু ১৩ জন

জিপ্লাছ নিউজ ডেস্ক | March 26, 2020 13:17 hrs

২৬ মাৰ্চ, গুৱাহাটীঃ বিশ্বজুৰি কৰোনাতংক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ ৬৪৯ জনলৈ  আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি হৈছে। ইয়াৰে ৪২ গৰাকী লোক ইতিমধ্যে এই ভাইৰাছৰ পৰা উপশম লাভ কৰিছে।

এতিয়ালৈ  ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত ১২৪ টা কৰোনা পজিটিভ ঘটনা ধৰা পৰিছে ইয়াৰে ৩ জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে।

আনহাতে উত্তৰ-পূবত দুটাকৈ কৰোনা ভাইৰাছ পজিটিভ ঘটনা এতিয়ালৈ পোহৰলৈ আহিছে। মনিপুৰৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ আৰু মিজোৰামৰ এগৰাকী বয়োজেষ্ঠ্য ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে। 

উল্লেখ্য যে অসমত এতিয়ালৈ কৰোনা ভাইৰাছত পজিটিভ  ঘটনা পোহৰলৈ অহা নাই।