COVID-19: Section 144 Imposed in Guwahati | Assamese News
দৈনিক বাতৰি

গুৱাহাটীত জাৰি কৰা হ’ল ১৪৪ ধাৰা

জিপ্লাছ | June 02, 2020 11:50 hrs

০২ জুন, গুৱাহাটী - ক’ভিড ১৯ ৰ বাবে সতৰ্কতামূলক পদক্ষেপ গ্ৰহণৰ ১ জুনৰ পৰা গুৱাহাটীত আইন শৃংখলা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। অহা ৩০ জুন তাৰিখলৈ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সময়ছোৱাত কোনো লোকে বাহিৰত চলাচল কৰিব নোৱাৰিব। ইতিমধ্যেই গুৱাহাটীৰ পূৱ আৰু কেন্দ্ৰীয় আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্তই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। 

এই নিৰ্দেশনা অনুসৰি সমগ্ৰ গুৱাহাটীতে সংশ্লিষ্ট সময়খিনিত ১৪৪ ধাৰা প্ৰযোজ্য হৈ থাকিব। নিম্নোল্লিখিত এলেকাবোৰ এই ধাৰাৰ আওঁতাত থাকিব। পূৱ আৰক্ষী জিলা - দিছপুৰ, ভঙাগড়, হাতীগাওঁ, সোণাপুৰ, ক্ষেত্ৰী আৰক্ষী তানা এলেকা; মধ্য আৰক্ষী জিলা - পল্টনবজাৰ, পানবজাৰ, লতাশিল, চানমাৰি, গীতানগৰ, প্ৰাগজ্যোতিষপুৰ, নুনমাটি আৰু সাতগাওঁ আৰক্ষী থানা এলেকা। ইফালে পশ্চিম আৰক্ষী জিলাই সামৰি লৈছে ভৰলুমুখ, ফটাশিল আমবাৰী, গড়চুক, জালুকবাৰী আৰু আজাৰা আৰক্ষী থানা। 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • prax

    eta news a bar bar kiyo diya .....ekbar kobo 9pm to 5am loi bondho.....abar kobo 5am to 9 pm loi khula are ake kotha to buji pahu ami ....eman o gadha nohoi