ক’ভিড ১৯ আপডেট: ৰাজ্যত ক’ভিড ১৯ত আক্ৰান্তৰ সংখ্যা ১৩,০০০ লৈ বৃদ্ধি
দৈনিক বাতৰি

ক’ভিড ১৯ আপডেট: ৰাজ্যত ক’ভিড ১৯ত আক্ৰান্তৰ সংখ্যা ১৩,০০০ লৈ বৃদ্ধি

জিপ্লাছ নিউজ ডেস্ক | July 08, 2020 10:18 hrs

৮ জুলাই, গুৱাহাটী: অসমত ক’ভিড ১৯ ৰ বিভীষিকা। প্ৰত্যেকদিনাই বৃদ্ধি পাইছে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ ৰাজ্যত ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ১৩,৩৩৬ৰ ঘৰ অতিক্ৰম কৰিছে। আনহাতে যোৱা ২৪ ঘণ্টাত কেৱল গুৱাহাটীত নতুনকৈ ৫৮৮ গৰাকী লোকৰ দেহত ক’ভিড ১৯ ধৰা পৰে।

সম্প্ৰতি সমগ্ৰ ৰাজ্যত ক’ভিড ১৯ সক্ৰিয় ঘটনা ৪,৯৮৮আৰু মৃত্যুৰ সংখ্যা ২৬ গৰাকী। আনহাতে সমাৱন্তৰালকৈ ৰাজ্যত ৮,৩২৯ গৰাকীলৈ ৰোগীয়ে আৰোগ্য হৈ উঠিছে।   

 

কালি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ৮১২ গৰাকী লোকৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰিছে বুলি ঘোষণা কৰে।

 

লগতে তেওঁ কয় যে গুৱাহাটীত বৰ্তমান পৰিস্থিতি স্পৰ্শকাতৰ। সম্প্ৰতি ক’ভিড ১৯ ৰ পৰিগনিত হৈছে গুৱাহাটী মহানগৰী।