ৰাজ্যত ক’ৰণাত  আক্ৰান্ত হৈ দুগৰাকীৰ মৃত্যু 
দৈনিক বাতৰি

ৰাজ্যত ক’ৰণাত  আক্ৰান্ত হৈ দুগৰাকীৰ মৃত্যু 

জিপ্লাছ নিউজ ডেস্ক | July 02, 2020 16:46 hrs

২ জুলাই, গুৱাহাটী: ৰাজ্যত ক’ৰণাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু। আজি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই কথা।  

প্ৰভুদয়াল বিদাৱত্ক (৭৮), আৰু সুভাষ কলিতা(৫৬) নামৰ দুজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে।মন্ত্ৰীগৰাকীয়ে মৃত লোক দুগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।  

ৰাজ্যত ক্ৰমাৎ ভয়াবহভাৱে সংক্ৰমণ হৈছে কৰ’ণা ভাইৰাছ। সম্প্ৰতি ৰাজ্যত কৰ’ণাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ গৰাকীলৈ বৃদ্ধি হৈছে।।