COVID-19 Update Assam : New 1292 Cases Registered | Assamese News
দৈনিক বাতৰি

অসমত ১,২৯২ টা নতুন ক’ভিড-১৯ৰ সংক্ৰমণৰ খবৰ

জি প্লাছ নিউজডেস্ক | September 14, 2020 10:06 hrs

গুৱাহাটীঃ অসমত দেওবাৰে  ১,২৯২ টা নতুন ক’ভিড-১৯ৰ সংক্ৰমণৰ খবৰ অন্তৰ্ভুক্ত হয়। এই গণনা ১৫,৫১৫ টা ক’ভিড পৰীক্ষণৰ পিছত আহে।  এই খবৰ সদৰি কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


শৰ্মাই নিজৰ চ’ছিয়েল মিডিয়া যোগে এই বাতৰি সদৰি কৰে।


ইয়াৰ লগে লগে, ৰাজ্যৰ ক’ভিডৰ সংখ্যা ১,৪১,৭৬৩ লৈ বৃদ্ধি পায়।


লগতে, বিগত ২৪ ঘণ্টাত বিভিন্ন চিকিৎসালয়ৰ পৰা সুস্থ হৈ উঠা ২,২৫১ জন ৰোগীৰ মুক্তিৰ পিছত, ৰাজ্যত সক্ৰিয় ক’ভিড কেছৰ সংখ্যা ২৮,১৫৮ হয় আৰু ১,১৩,১৩৩ জন সৰ্বমুঠ ৰোগী আৰোগ্য হয়।


অসমত ক’ভিডত-১৯ ত মৃত লোকৰ সংখ্যা বৰ্ত্তমান সৰ্বমুঠ ৪৬৯ জন।