আমেৰিকাত অংক শাস্ত্রৰ যিকোনো সমস্যাৰ সমাধানৰ অভিনৱ কৌশল উদ্ভাৱন ভাস্কৰ চৌধুৰীৰ 

Wednesday, 20 November 2019

দৈনিক বাতৰি

আমেৰিকাত অংক শাস্ত্রৰ যিকোনো সমস্যাৰ সমাধানৰ অভিনৱ কৌশল উদ্ভাৱন ভাস্কৰ চৌধুৰীৰ 

জিপ্লাছ নিউজ ডেস্ক | October 18, 2019 13:51 hrs

১৮ অক্টোবৰ, গুৱাহাটী : আমেৰিকাত এজন অসমীয়া যুৱকৰ অভিনৱ পদক্ষেপ। আমেৰিকা যুক্তৰাষ্ট্রৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত জনপ্রিয় হৈ পৰিছে এজন অসম সন্তান ভাস্কৰ চৌধুৰী। অংক শাস্ত্রৰ যিকোনো সমস্যাৰ সমাধান সকলো সময়তে পাব পৰাকৈ এক অভিনৱ কৌশল উদ্ভাৱন কৰিছে চৌধুৰীয়ে।

আমেৰিকাত দহবছৰ জেষ্ঠ্য বিজ্ঞানী হিচাপে কাম কৰাৰ পাছত ভাস্কৰ চৌধুৰীয়ে শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে অতি কম সময়ৰ ভিতৰতে অংকৰ যিকোনো সমস্যাৰ সমাধান পাব পৰাকৈ এক নতুন ৱেবছাইট CRATOO.com মুকলি কৰে। 

এই ৱেবছাইটযোগে প্ৰতিজন শিক্ষাৰ্থীয় ২৪ ঘণ্টাৰ ভিতৰত এজনকৈ শিক্ষক লাভ কৰিব। আমেৰিকাৰ ৫০ খন ৰাজ্যত ইতিমধ্যে এই এপ্পটো জনপ্ৰিয় হৈ পৰিছে। উক্ত ৱেবছাইটত এতিয়ালৈ ১০,০০০টা অংকৰ ভিডিঅ’ মুকলি কৰিছে।

অহা বছৰ জুলাই বা আগষ্ট মাহৰ ভিতৰত ভাৰততো এই ৱেবছাইট মুকলি কৰা হ’ব। বিগত দুই বৰ্ষৰ পৰা এই প্ৰজেক্টটোত কৰ্মৰত হৈ আছে অসম সন্তানজন। ভৱিষ্যতে সমগ্ৰ বিশ্বতে এই ৱেবছাইটতো মুকলি কৰাৰ পৰিকল্পনা কৰিছে বৰপেটাৰ ভাস্কৰ চৌধুৰীয়ে। 

 

Banner