হাতত মাৰানাস্ত্ৰ নহয়! এইবাৰ নিৰাপত্তা বাহিনীৰ  হাতত সংগীতৰ বাদ্যযন্ত্ৰ
দৈনিক বাতৰি

হাতত মাৰানাস্ত্ৰ নহয়! এইবাৰ নিৰাপত্তা বাহিনীৰ  হাতত সংগীতৰ বাদ্যযন্ত্ৰ

জিপ্লাছ নিউজ ডেস্ক | November 13, 2019 13:03 hrs

১৩ নৱেম্বৰ, গুৱাহাটী : ব্যতিক্ৰমী ৰূপত সীমান্ত নিৰাপত্তা বাহিনী। এইবাৰ সীমান্ত নিৰাপত্তা বাহিনীৰ হাতত  মাৰানাস্ত্ৰ নহয়,দেখা গ'ল সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ।

সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ)ৰ অহা ১  ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বৰঝাৰ বিমানবন্দৰ সমীপৰ এছ অ এছ শিশুগাঁৱত এক মনোৰম সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰৰ উদ্যোগত অনুষ্ঠিত বৰ্ণময় সাংস্কৃতিক অনুষ্ঠানত বি এছ এফৰ ব্ৰাচ আৰু জাজ বেন্ডৰ জোৱানসকলে মন পৰশা যন্ত্র সংগীত ব্যৱস্থাপনাৰে উপস্থিত সকলোকে আপ্লুত কৰে। 

আনহাতে অনুষ্ঠানটোত স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰে। গাওঁবাসীয়ে দেশপ্রেমূলক গীত, বাৰেৰহনীয়া নৃত্য পৰিৱেশন কৰি অনুষ্ঠনটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।