অসম কন্যা পৰিস্মিতা হাজৰিকালৈ ‘দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯’ বঁটা
দৈনিক বাতৰি

অসম কন্যা পৰিস্মিতা হাজৰিকালৈ ‘দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯’ বঁটা

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 11:32 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : অসম কন্যা অভিনেত্ৰী তথা মডেল পৰিস্মিতা হাজৰিকালৈ ‘দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯’ সন্মান। যোৱা ৭ অক্টোবৰ, ২০১৯ত মুম্বাইত এক অনুষ্ঠানত এই বটাঁ গ্ৰহণ কৰে পৰিস্মিতাই।

“শ্ৰেষ্ঠ ট্ৰেণ্ডিং আইকন” হিচাপে পৰিস্মিতা এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। এই সাফল্যত ফেচবুকযোগে পৰিস্মিতাই এটা পোষ্ট কৰি পিতৃ-মাতৃ আৰু বন্ধুবৰ্গক কৃতজ্ঞতা জনায় ৷


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত আইন অধ্যয়ন কৰা পৰিস্মিতা ঘৰ শিৱসাগৰৰ। বৰ্তমান মুম্বাইৰ নিবাসী পৰিস্মিতা।

Banner