সুশান্ত সিং ৰাজপুতলৈ দাদা চাহেব ফাল্কে বঁটা
গুৱাহাটী : ঘোষণা কৰা হ'ল ২০২১ বৰ্ষৰ দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় বঁটা । সুখবৰ প্ৰয়াত সুশান্ত সিং ৰাজপুত সিঙৰ অনুৰাগীলৈ ।
মৰণোত্তৰ ভাৱে সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আগবঢ়োৱা হৈছে সুশান্ত সিং ৰাজপুতলৈ । অভিনেতাগৰাকীক তেওঁৰ অন্তিম ছবি 'দিল বেচাৰাৰ' বাবে প্ৰদান কৰা হৈছে এই সন্মান । আনহাতে সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে কিয়াৰা আদৱানীয়ে ।
আনহাতে শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অক্ষয় কুমাৰ আৰু দীপিকা পাডুকনে ।
'লক্ষ্মী' ছবিখনৰ বাবে অক্ষয় কুমাৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ বিপৰীতে 'চপাক' ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে দীপিকা পাডুকনে । আনহাতে বলিউড ছবিজগত দিয়া বিশেষ অৱদানৰ বাবে অভিনেতা ধৰ্মেন্দ্ৰলৈ প্ৰদান কৰা হৈছে জীৱন-যোৰা সাধনা বঁটা ।
ইপিনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অজয় দেৱগন-ছেইফ আলী অভিনীত 'তানহাজী : দা আনচাং ৱাৰিয়ৰ' ছবিখনে ।