উত্তৰ-পূৱৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ‘প্ৰতিশ্ৰুতিসম্পন্ন জিলা’ৰ স্বীকৃতি দৰংলৈ

Saturday, 30 May 2020

দৈনিক বাতৰি

উত্তৰ-পূৱৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ‘প্ৰতিশ্ৰুতিসম্পন্ন জিলা’ৰ স্বীকৃতি দৰংলৈ

জিপ্লাছ | February 26, 2020 12:51 hrs

গুৱাহাটী - গুৱাহাটীত আয়োজিত Sustainable Development Goals 2020 শীৰ্ষক ৩ দিনীয়া সন্মিলনত উত্তৰ-পূৱৰ ১৪ খন প্ৰতিশ্ৰুতিসম্পন্ন জিলাৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাৰ স্বীকৃতি প্ৰদান কৰা হয়।

উল্লেখ্য যে ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা ২০১৯ চনৰ ডিচেম্বৰ মাহলৈ এক বিশেষ কৰ্তৃপক্ষই চলোৱা তদাৰকী তথা সমীক্ষাৰ ভিত্তিতেই দৰং জিলালৈ এই স্বীকৃতি প্ৰদান কৰা হৈছে। দৰং জিলাই সৰ্বমুঠ ৪৭.৮ শতাংশ সামগ্ৰিক উন্নয়নেৰে শ্ৰেষ্ঠতম জিলাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।

ইফালে অসমৰ আন দুখন জিলা ক্ৰমে বৰপেটা আৰু গোৱালপাৰাই এই সামগ্ৰিক উন্নয়নৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত ৪০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে।

উল্লেখিত তিনিখন জিলাৰ উপৰিও বিত্তীয় আৰু দক্ষতা উন্নয়ন ক্ষেত্ৰত ব্যাপক উত্তৰণ সাধন কৰা বুলি উল্লেখ কৰিছে।

প্ৰতিনিধিত্বমূলক ছবি