যুৱ সাংবাদিক অৰিন্দম চৌধুৰীৰ মৃতদেহ উদ্ধাৰ
দৈনিক বাতৰি

যুৱ সাংবাদিক অৰিন্দম চৌধুৰীৰ মৃতদেহ উদ্ধাৰ

জি প্লাছ নিউজডেস্ক | December 08, 2018 14:50 hrs

গুৱাহাটী - অসমৰ এটা ব্যক্তিগত চেনেলৰ যুৱ সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। নগাওঁৰ লংকাৰ এটা গৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে সাংবাদিক গৰাকীৰ মৃতদেহ। সাংবাদিকগৰাকী বৈদ্যুতিন সংবাদমাধ্যমৰ সাংবাদিক অৰিন্দম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত বুলি প্ৰকাশ কৰিছে পৰিয়ালে।

ইতিমধ্যেই লংকা আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান। সাংবাদিকজনৰ মৃত্যুক লৈ সমগ্ৰ লংকাতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনাৰ বিৱৰণীমতে, নিজ গৃহতে ডিঙিত গামোচাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে সাংবাদিকজনৰ মৃতদেহ।

জানিব পৰামতে, অবিবাহিত অৰিন্দমৰ মাতৃ কিছুদিন পূৰ্বে দিল্লীলৈ গৈছিল। মাতৃ দিল্লীত থকা অৱস্থাতে লংকাত থকা নিজ গৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ’ল অৰিন্দম চৌধুৰীৰ মৃতদেহ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি উদ্ধাৰ হোৱাৰ সময়ত অৰিন্দমৰ দুই আঠু মাটি স্পৰ্শ কৰি আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

অৰিন্দম চৌধুৰী (ফাইল ফটো)