দিল্লীৰ কা বিৰোধী হিংসাত নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

Friday, 03 April 2020

দৈনিক বাতৰি

দিল্লীৰ কা বিৰোধী হিংসাত নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

জিপ্লাছ | February 26, 2020 11:09 hrs

গুৱাহাটী - নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিক কেন্দ্ৰ কৰি দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে।পৰিস্থিতি যাতে আৰু অধিক অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ অহা লোকক দেখা মাত্ৰকেই গুলীয়াবলৈ নিৰ্দেশ দিছে।

কালি নিশা দেশৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালে উত্তৰ পূব দিল্লীৰ সংঘৰ্ষ জৰ্জৰিত এলেকা ভ্ৰমণ কৰি পৰিস্থিতৰ বুজ লয়। ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজধানী চহৰখনত সৃষ্টি হোৱা ৰক্তাক্ত পৰিস্থিতক লৈ উদ্বিগ্নতা ব্যক্ত কৰি প্ৰকাশ কৰিছে যে দিল্লী আৰক্ষীয়ে পৰিস্থিত নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।

সেয়েহে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা নিয়োগ কৰা উচিত। আনহাতে পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সকলো স্কুল কলেজ বন্ধ ৰখাৰ লগতে চিবিএছই বৰ্ড পৰীক্ষা বাতিল কৰা হৈছে।