দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ মুৰুলীধৰক বদলিকৰণ
দৈনিক বাতৰি

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ মুৰুলীধৰক বদলিকৰণ

জিপ্লাছ নিউজ ডেস্ক | February 27, 2020 11:06 hrs

২৭ ফেব্ৰুৱাৰী, গুৱাহাটী : দিল্লীৰ হিংসাত্মক ঘটনাত বিজেপি তিনি নেতাৰ বিৰুদ্ধে ৰায় প্ৰদান কৰি বিপাঙত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ মুৰুলীধৰ। দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা পাঞ্জাৱ উচ্চ ন্যায়ালয়লৈ বদলিকৰণ ন্যায়াধীশগৰাকীক। 

জানিব পৰামতে শোহতীয়াকৈ দিল্লীত হৈ থকা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত দিল্লী আৰক্ষীক কছোৰ হ’বলৈ নিৰ্দেশ দিছিল ন্যায়াধীশ গৰাকীয়ে। লগতে এই ঘটনাত জড়ি তিনি বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নিৰ্দেশ দিছিল মুৰুলীধৰে। এই ৰায় প্ৰদানৰ পাছতেই হঠাৎ ন্যায়াধীশগৰাকীক বদলিকৰণৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। 

উল্লেখ্য এই বদলিকৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দিল্লীৰ বাৰ এছচিয়শ্যেনে।