দেশজুৰি বলৱৎ কৰা হ’ল নাগৰিকত্ব সংশোধনী আইন

Thursday, 27 February 2020

দৈনিক বাতৰি

দেশজুৰি বলৱৎ কৰা হ’ল নাগৰিকত্ব সংশোধনী আইন

জিপ্লাছ নিউজ ডেস্ক | January 11, 2020 10:48 hrs

১১ জানুৱাৰী, গুৱাহাটী :  দেশবাসীৰ প্ৰতিবাদকো নস্যাৎ কৰি দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন।কালি নিশাৰ পৰা  দেশজুৰি প্ৰযোজ্য কৰা হৈছে এই  নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক অধিসূচনা জাৰি  কৰে।

স্মৰ্তব্য যে দেশজুৰি কা বিৰোধী আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। বিগত বছৰৰ ১১ ডিচেম্বৰ তাৰিখে এই  আইনখন ৰাজ্যসভাত গৃহীত হৈছিল। 

আনহাতে কা কাৰ্যকৰী কৰাৰ পাছতেই এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। উল্লেখ্য যে এই আইনখনৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ  যিসকল হিন্দু ,শিখ, বুদ্ধিষ্ট, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান লোকসকলৰ আগমণ ঘটিছিল তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ’ব।