২০ লাখ টকা লুটি দিছপুৰ আৰক্ষীৰ জালত হাতীগাঁও থানাৰ আৰক্ষী বিষয়া, দিছপুৰ থানাৰ গৃহৰক্ষী জোৱান

Thursday, 04 June 2020

দৈনিক বাতৰি

২০ লাখ টকা লুটি দিছপুৰ আৰক্ষীৰ জালত হাতীগাঁও থানাৰ আৰক্ষী বিষয়া, দিছপুৰ থানাৰ গৃহৰক্ষী জোৱান

জি প্লাছ নিউজডেস্ক | July 26, 2019 13:19 hrs

২৬ জুলাই, গুৱাহাটী : মিজোৰামৰ এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা লুটি নিয়াৰ অভিযোগত আজি দিছপুৰ আৰক্ষীয়ে এজন আৰক্ষী বিষয়াৰ লগতে এগৰাকী গৃহৰক্ষী জোৱানক আটক কৰিছে। আটক কৰা আৰক্ষী বিষয়াজন হাতীগাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰাঞ্জল বৰা আৰু দিছপুৰ থানাৰ গৃহৰক্ষী জোৱান বিপুল হাজৰিকা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি মিজোৰামৰ মহিলা এগৰাকীয়ে এজন লোকৰ সৈতে ২০ লাখ টকাৰ বিনিময়ত জালনোট সৰবৰাহ কৰিবলৈ আহিছিল। আৰক্ষী বিষয়াজনে মহিলাগৰাকীৰ সমূখত নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি চিনাকি দি লুটি নিছিল টকাখিনি। মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা ইন’ভা বাহনখনো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে।