মহানগৰীত ৰোগী কঢ়িওৱা এম্বুলেঞ্চত বিক্ৰী হ’ল শাক-পাচলিসহ ব্ৰয়লাৰ মাংস
দৈনিক বাতৰি

মহানগৰীত ৰোগী কঢ়িওৱা এম্বুলেঞ্চত বিক্ৰী হ’ল শাক-পাচলিসহ ব্ৰয়লাৰ মাংস

জিপ্লাছ নিউজ ডেস্ক | July 02, 2020 16:15 hrs

২ জুলাই, গুৱাহাটী: মহানগৰীত লকডাউনৰ সুযোগ একাংশ ব্যক্তিগত এম্বুলেঞ্চৰ। এইবাৰ এম্বুলেঞ্চত ৰোগী নহয় বিক্ৰী কৰা হৈছে পটল, ভাতকেৰেলা, বেঙেনা,আলুসহ ব্ৰয়লাৰ মুৰ্গী। গণেশগুৰিৰ দিছপুৰ হাস্পতালৰ সমীপত শাক -পাচলিসহ মাংস বিক্ৰী কৰি থাকোঁতে হাতে লোটে ধৰা পেলালে দিছপুৰ আৰক্ষীয়ে। 

মহানগৰীত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে  লকডাউন ঘোষণা কৰে। লকডাউনৰ প্ৰথম সপ্তাহত  হাস্পতাল,ফাৰ্মাচী, পেট্ৰ’ল পাম্প আৰু কিছু জৰুৰীকালীন সেৱাৰ বাদে দোকান,পোহাৰ, সকলো বন্ধ ৰখাৰ নিৰ্দেশনা দিছিল। 

আজি পুৱা মহানগৰীৰ গণেশগুৰিত লকডাউনৰ নিয়ম  ভংগ কৰি AS 01 JC 8718 নম্বৰ এম্বুলেঞ্চখনতশাক- পাচলিৰ লগতে মাছ বিক্ৰী কৰাৰ কথা পোহৰলৈ আহে।  ঘটনাৰ খবৰ পাই লগে লগে সেই স্থানত উপস্থিত হয় দিছপুৰ আৰক্ষী। কিন্তু আৰক্ষী অহাৰ উমান পাই এম্বুলেঞ্চখনৰ চালকৰ লগতে স্থানীয় লোকসকলেও পলায়ন কৰে। 

আৰক্ষীয়ে সংবাদমাধ্যমক জনায় যে আমি এম্বুলেঞ্চখনৰ সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হৈছো। আমি যোৱালৈকে গাড়ীৰ চালকজন পলাবলৈ সক্ষম। আমি ইতিমধ্যে এই ঘটনা সম্পৰ্কত গোচৰ ৰুজু কৰিছো। আমি ব্যক্তিগত এম্বুলেঞ্চখনৰ চালক আৰু মালিকৰ নাম সংগ্ৰহ কৰিছো। অতি শীঘ্ৰেই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে এনেকুৱা জৰুৰীকালীন অৱস্থাত  ভৱিষ্যতে এনেকুৱা ঘটনা সংঘটিত নহ’বলৈ আমি সজাগ হৈ আছো 

পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে এম্বুলেঞ্চসহ বাহনখনত থকা সামগ্ৰীসমূহ জব্দ কৰে ।