ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বাবে টাস্ক ফ’চ গঠনৰ নির্দেশ
দৈনিক বাতৰি

ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বাবে টাস্ক ফ’চ গঠনৰ নির্দেশ

জিপ্লাছ | February 26, 2020 12:10 hrs

গুৱাহাটী - ৰাজ্যত যান–বাহন আইন উলংঘাৰে চলাচল কৰা ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বাবে প্রতিখন জিলাত টাস্ক ফ’চ গঠনৰ নির্দেশ দিছে অসম আৰক্ষীৰ আইন–শৃংখলাৰ এ ডি জি পি জি পি সিঙে৷

ৰাজহুৱা অভিযোগৰ ভিত্তিত এডিজিপি সিঙে কামৰূপ (ম) জিলাৰ আৰক্ষী আয়ুক্তৰ লগতে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকক শীঘ্রেই এই নির্দেশ কার্যকৰী কৰাৰ আহ্বান জনায়৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন স্থানত একাংশ ডাম্পাৰে নাম্বাৰ প্লেট, ইনডিকেটৰ, লাইট, যাৱতীয় নথি–পত্র আদি নথকাকৈ চলাচল কৰি আহিছে৷ আইন উলংঘাৰে ৰাজপথত চলাচল কৰা ডাম্পাৰৰ বিৰুদ্ধে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ এই নির্দেশৰ পাছতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকে ১০গৰাকী আৰক্ষী বিষয়াক লৈ এটা টাস্ক ফ’চ গঠন কৰি দিছে৷