ঢেকীয়াজুলিত পুনৰ চিকিৎসকক আক্ৰমণ
দৈনিক বাতৰি

ঢেকীয়াজুলিত পুনৰ চিকিৎসকক আক্ৰমণ

জিপ্লাছ নিউজ ডেস্ক | October 09, 2019 13:29 hrs

৯ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হিংসামূলক ঘটনা। পুনৰ চিকিৎসকক আক্ৰমণ ঢেকিয়াজুলিত। ঢেকিয়াজুলিৰ চিৰাজুলি মডেল হাস্পতালৰ চিকিৎসক ডাঃ কমল জালক বেলশিৰি চাহ বাগিচালৈ গৈ থকা অৱস্থাতেই দুজন উদণ্ড যুৱকে আক্ৰমণ কৰে।

বাগিচালৈ গৈ থকাৰ পথতেই গাড়ী ৰখাই চিকিৎসহ তেওঁৰ পত্নীকো দুই দুৰ্বৃত্তই আক্ৰমণ কৰে । ইতিমধ্যে ভুক্তভোগী  চিকিৎসক গৰাকীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।  

 দুৰ্বৃত্ত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ বুলি চিনাক্ত কৰা হৈছে।