অৱসৰ লোৱাৰ কথা চিন্তাও নকৰিবা - মহেন্দ্ৰ সিং ধোনীলৈ লতা মংগেশকাৰৰ অনুৰোধ

Wednesday, 16 October 2019

দৈনিক বাতৰি

অৱসৰ লোৱাৰ কথা চিন্তাও নকৰিবা - মহেন্দ্ৰ সিং ধোনীলৈ লতা মংগেশকাৰৰ অনুৰোধ

জিপ্লাছ ব্যুৰ’ | July 11, 2019 16:03 hrs

১১ জুলাই, গুৱাহাটী - ভাৰতে বিদায় ল’লে ক্ৰিকেট বিশ্বকাপৰ পৰা। সমগ্ৰ লীগ পৰ্যায়ত সকলোকে দমন কৰি তালিকাত শীৰ্ষ স্থানত গৰ্বেৰে উপনীত হোৱা ভাৰতীয় দলটো বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহুৰ্ত্ত সঁচাকৈয়ে ক্ৰিকেটপ্ৰেমীৰ বাবে আবেগময়। পিছে দলৰ টপ অৰ্ডাৰ তাছপাতৰ দৰে ভাঙি পৰাৰ পিছত সন্তৰ্পনে দলক বিজয়ৰ মুখলৈ আগবঢ়াই লৈ গৈ থকাৰ পিছত শেষ ৰক্ষা কৰিব নোৱাৰি কি আবেগত ভাঙি পৰিছিল সেই মানুহজন। ক্ৰিকেট জ্ঞানৰ প্ৰাচুৰ্যৰে ভৰপুৰ সেই মানুহজন ভিতৰি শেষ হৈ গৈছিল। তেওঁ মহেন্দ্ৰ সিং ধোনী।

দলক টি২০ বিশ্বকাপ, ৫০ অভাৰৰ বিশ্বকাপ, টেষ্টত ১ নং স্থান, চেম্পিয়নছ ট্ৰ’ফী.. কি দিয়া নাই ভাৰতীয় ক্ৰিকেটক তেওঁ? বিশ্ব ক্ৰিকেটক? সমূখত অষ্ট্ৰেলিয়াৰ দৰে দল দেখিলেই মানসিকভাৱে ভাগি পৰা দলক সমূখৰ পৰা নেতৃত্ব দি প্ৰতিখন খেলেই হেলাৰঙে জিকাৰ মানসিকতা গঢ় দিছিল তেওঁ। সেই মানুহজন দলৰ এক সংকটময় অৱস্থাত ৰাণ আউট হৈ উভতি আহিছিল পেভিলিয়নলৈ। দুচকুত কেৱল হতাশা। এমুখ বেজাৰ। এয়াই যে মহানায়কৰ প্ৰস্থান তেওঁও জানে। বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়েও ইতিমধ্যেই অনুমান কৰিয়েই পেলাইছে।

এই অনুমানতেই বুকু কঁপি উঠিছে হেজাৰজনৰ। আবেগত ৰ’ব পৰা নাছিল ভাৰতৰত্ন লতা মংগেশকাৰো। টুইট কৰিয়েই পেলালে। ভাৰতীয় ক্ৰিকেটৰ সিংহপুৰুষজনক সান্তনা দিবই যে লাগিব। এই সিংহপুৰুষে যে ক্ৰিকেটৰ সকলো নিজৰ কৰি ল’বলৈকে আহিছিল। এনে প্ৰস্থান, বিভিন্ন ক্ৰিকেট বিশেষজ্ঞৰ কটু সমালোচনাৰে জৰ্জৰ কৰি তোলা ধোনীৰ বাবে এই প্ৰস্থান আছিল তেনেই কষ্টকৰ। সেইবাবেই হয়তো লতা মংগেশকাৰৰো আবেগ উথলি উঠিল, ক’লে - তুমি অৱসৰ লোৱাৰ চিন্তাও মনলৈ নানিবা। তোমাৰ প্ৰয়োজন এতিয়াও বহু আছে। 

  

ভাৰতীয় ক্ৰিকেটপ্ৰেমী আবেগিক নহ’বনো কিয়? কিয়নো, এইজন ব্যক্তিয়েই ভাৰতীয় ক্ৰিকেটত  এগ্ৰেশ্যন আনিছিল। এক উন্মাদনা আছিল তেওঁ। ক্ষীপ্ৰ আছিল তেওঁৰ উত্থান। বহু শ্বট তেওঁৰ নিজা উদ্ভাৱন। ধ্ৰুপদী ক্ৰিকেটৰ থিয়'ৰীত নিমিলা আছিল তেওঁৰ আদৱ কায়দা। দীঘল চুলি। ক্ৰিকেটৰ মুম্বাই আৰু কলকতীয়া লবী তেওঁ অহাৰ পিছতেই খহি পৰিছিল। সৰু চহৰৰ পৰা ক্ৰিকেটাৰ আহি ভাৰতীয় দলত স্থান পাব লৈছিল। অন্যথা আগেয়ে কলকতা,মুম্বাই,দিল্লী আৰু খুব বেছি বৰোডাৰ পৰা দুজনমান লৈয়েই টিম ইণ্ডিয়া হৈ গৈছিল। এতিয়া টিম ইণ্ডিয়াত বৈচিত্ৰ আছে। প্ৰতিভাই স্থান নিৰূপণ কৰে বাবেই এতিয়া দলত কাৰোৱেই নিগাজি আসন নাই। এই পৰিৱৰ্তনবোৰ ধোনীৰ চমকপ্ৰদ উত্থানৰ পিছতে সম্ভৱ হৈছিল।

ইফালে সংবাদ মাধ্যমৰ সমূখত ভাৰতীয় দলৰ অদিনায়ক বিৰাট কোহলীয়ে প্ৰকাশ কৰিছে যে মহেন্দ্ৰ সিং ধোনীয়ে এই পৰ্যন্ত অৱসৰ সংক্ৰান্তীয় কোনো কথা প্ৰকাশ কৰা নাই।

৮৯ বছৰীয়া বিশ্বপ্ৰসিদ্ধ সংগীতজ্ঞ গৰাকীয়ে ধোনীক এতিয়াই অৱসৰ গ্ৰহণ নকৰাৰ অনুৰোধ কৰাৰ লগতে বিভিন্নজনে কৰি অহা সমালোচনালৈ ভ্ৰূক্ষেপ নকৰিবলৈও আহ্বান জনাইছে।

লতা মংগেশকাৰৰ টুইটটো - 

ইফালে কালিৰ খেলৰ পূৰ্বে এবিপি নিউজক দিয়া এক সাক্ষাৎকাৰত ধোনীয়ে কয়, “ময়ো নাজানো কেতিয়া মই অৱসৰ গ্ৰহণ কৰিম। কিন্তু বহু লোকেই বিচাৰিছে যে মই কালিৰ খেলখনৰ আগতেই অৱসৰ গ্ৰহণ কৰিব লাগে।"

শিল্পী লতা মংগেশকাৰে ভাৰতীয় দলটোৰ বাবেও এটা টুইট কৰিছে - 
 

Banner