অস্থায়ীভাৱে স্থগিত ড'নাল্ড ট্ৰাম্পৰ ইউটিউব চেনেল | জি প্লাছ নিউজ
দৈনিক বাতৰি

অস্থায়ীভাৱে বাতিল ড'নাল্ড ট্ৰাম্পৰ ইউটিউব চেনেল

জি প্লাছ নিউজ | January 13, 2021 11:30 hrs

গুৱাহাটী: মঙলবাৰে গুগল মালিকানাধীন ইউটিউবে অস্থায়ীভাৱে বাতিল কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ইউটিউব চেনেল । লগতে হিংসাক প্ৰচয় দিয়া আৰু ইউটিউবৰ নীতি বিৰোধী এটি ভিডিঅ' প'ষ্টও আঁতৰাই দিয়ে ইউটিউবে ।


ইউটিউবে ঘোষণা কৰি কয় যে, মাৰ্কিন যুক্তৰাষ্ট্ৰত অধিক হিংসাত্মক ঘটনা বৃদ্ধি নহয় তাৰ বাবে ট্ৰাম্পৰ চেনেলত প'ষ্ট কৰা সামগ্ৰী আঁতৰাই দিয়া হৈছে । 


মাৰ্কিন যুক্তৰাষ্টৰ কেপিটলত হিংসাত্মক ঘটনাৰ পাচতেই ইউটিউবৰ ফালৰ পৰা ১৩ জানুৱাৰীত ঘোষণা কৰা হয় এই কথা  । ন্যূনতম ৭ দিনৰ বাবে ট্ৰাম্পৰ চেনেলটো বাতিল কৰাৰ কথা এক বিবৃত্তি যোগেদি প্ৰকাশ কৰে ইউটিউবে ।


ইয়াৰ পূৰ্বে ফেচবুক আৰু টুইটাৰেও ট্ৰাম্পৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।