জল প্ৰদূষণ ৰোধৰ বাবে নুনমাটিত মাৰ্বলৰ দুৰ্গা মূৰ্তি স্থাপন

Thursday, 19 September 2019

দৈনিক বাতৰি

জল প্ৰদূষণ ৰোধৰ বাবে নুনমাটিত মাৰ্বলৰ দুৰ্গা মূৰ্তি স্থাপন

জিপ্লাছ নিউজ ডেস্ক | September 11, 2019 12:24 hrs

১১ ছেপ্তেম্বৰ, গুৱাহাটী : সমাগত দুৰ্গাপূজা। দেশবাসীয়ে পূজা উদযাপন কৰিবলৈ ব্যাপকভাৱে প্ৰস্তুতি চলাইছে। এইবাৰ মহানগৰীৰ নুনমাতি সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে  জল প্ৰদূষণ ৰোধৰ উদ্দেশ্যে ৰাজহুৱা দুৰ্গা মন্দিৰত মাৰ্বলৰ দুৰ্গাৰ প্ৰতিমা স্থাপনৰ ব্যৱস্থা কৰিছে।  বৈদিক ৰীতি-নীতিৰে এই ব্যতিক্ৰমী দেৱী দুৰ্গাৰ প্ৰতিমা মন্দিৰত সংস্থাপন কৰা হ’ব।

মন্দিৰৰ প্ৰাংগনত আয়োজিত কৰা একল সংবাদমেলত  পূজা সমিতিৰ সম্পাদক  লীলা বৰদলৈয়ে কয় যে মূৰ্তি বিসৰ্জনৰ সময়ত হেৱা জল প্ৰদূষণৰ ৰোধৰ বাবে  তেওঁলোকে এই ব্যতিক্ৰমী  ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ৮ লাখ টকা ব্যয় কৰি ৰাজস্থানত এই প্ৰতিমা নিৰ্মাণ কৰি অনা হৈছে। প্ৰায় ৮০০ কেজি ওজনৰ এই মূৰ্তিটো নিৰ্মাণ কৰোঁতে  ৬ মাহ সময় লাগিছিল। 


স্থানীয় ব্ৰজেন বড়ো নামৰ গুৱাহাটী শোধনাগাৰৰ এজন কৰ্মচাৰীয়ে মূৰ্তি নিৰ্মাণৰ খৰচ বহন কৰে। লগতে তেওঁ ৰাজ্যৰ সকলো পূজা সমিতিক স্থায়ী মূৰ্তি নিৰ্মাণ কৰি জল প্ৰদূষণ ৰোধ কৰাৰ বাবে আহবান জনায়। 
 

Banner

মাৰ্বলেৰে নিৰ্মাণ কৰা দুৰ্গা মূৰ্তি

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    We are urgently in need of kidney donors in Global Hospital in India for the sum of 3 crore, Please Contact Dr. for more information and please for only those who are very serious. whatsApp +918929375881. Email: globalkidneyhospital@gmail.com