নগাৱঁত ১২০০ কি:গ্ৰা: মচুৰ দালিৰে নিৰ্মিত দেৱীৰ প্ৰতিমা  
দৈনিক বাতৰি

নগাৱঁত ১২০০ কি:গ্ৰা: মচুৰ দালিৰে নিৰ্মিত দেৱীৰ প্ৰতিমা  

জিপ্লাছ নিউজ ডেস্ক | October 01, 2019 11:20 hrs

১ অক্টোবৰ, গুৱাহাটী : সমাগত দুৰ্গা পূজা। শাৰদীয় ৰাণীক আদৰিবলৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপসমূহ। নগাওঁ চহৰৰ মাজ- মজিয়াৰ এটা শণি মন্দিৰত ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰা হৈছে দেৱীৰ প্ৰতিমা। 

খেৰ, মাটিৰে নহয় এইবাৰ  ১২০০ কি:গ্ৰাম পেলনীয়া মচুৰ দালিৰে নিৰ্মাণ কৰিছে এক দেৱীৰ প্ৰতিমা। মন্দিৰ কমিটিৰ সম্পাদক কিশন গুপ্তাই জি প্লাছক জনায় - “পেলনীয়া মচুৰ দালিৰে এই প্ৰতিমাসমূহ নিৰ্মাণ কৰা হৈছে। মা দুৰ্গাৰ লগতে গণেশ, কাৰ্তিক, সৰস্বতী আৰু লক্ষ্মী দেৱীৰ প্ৰতিমাও মচুৰ দালিৰে নিৰ্মাণ কৰা হৈছে। পূজাৰ শেষত এই প্ৰতিমা সমূহ নেহৰুবালি  এলেকাত বিসৰ্জন কৰা হ’ব।” 

 লগতে গুপ্তাই কয় যে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰে নিৰ্মাণ কৰা দেৱীৰ প্ৰতিমাৰে সু-সজ্জিত মণ্ডপলৈ জনাসমাগম ঘটিব বুলি তেওঁ আশা কৰে। কিন্তু বৰষুণৰ কাৰণে প্ৰতিমাসমূহ নিৰ্মাণ কৰোঁতে কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ।