২ নৱেম্বৰৰ পৰা খুলিব অসমৰ শিক্ষানুষ্ঠান | Gplus Assamese
দৈনিক বাতৰি

২ নৱেম্বৰৰ পৰা খুলিব অসমৰ শিক্ষানুষ্ঠানসমূহ - G Plus Assam

জি প্লাছ নিউজ | October 17, 2020 12:53 hrs

অসমৰ শিক্ষানুষ্ঠানসমূহ পুণৰ খোলা হ’ব ২ নৱেম্বৰৰ পৰা, ১৭ অক্টোবৰৰ এখন সংবাদ মেলত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।


ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ অফলাইন ক্লাছ দুটা ভাগত হ’ব - পুৱা ৮.৩০ বজাৰ পৰা ১২.৩০ আৰু ১.৩০ বজাৰ পৰা ৪.৩০ লৈ। লগতে শৰ্মায়ে এইটোও জনায় যে শ্ৰেণী সমূহত উপস্থিত থকা বাধ্যতামূলক নহয় আৰু উপস্থিতিৰ হাৰও লোৱা নহ’ব। অনলাইন শ্ৰেণী সমূহ ও সমান্তৰালভাৱে চলি থাকিব।


পঞ্চম মান লৈকে যদিও বিদ্যালয় বন্ধ থাকিব, কিন্তু সেই শিক্ষাৰ্থীসকল অনানুষ্ঠানিকভাৱে শিক্ষাজনিত কাৰণত আৰু মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়লৈ যাব পাৰিব। প্ৰথমৰ পৰা পঞ্চম মানৰ বাবে বিদ্যালয় খোলাৰ সিদ্ধান্ত ডিচেম্বৰ মাহত লোৱা হ’ব বুলি শৰ্মায়ে জনায়।


তাৰোপৰি, কেৱল মাত্ৰ অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবেহে অনুষ্ঠিত হ’ব পৰীক্ষা। বাকী শিক্ষাৰ্থী সকলক বিনা পৰীক্ষাৰে কৰা হ’ব উৰ্ত্তীণ।


পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহও খোলা হ’ব ২ নৱেম্বৰৰ পৰা। তথাপিও হোষ্টেলসমূহ ৩০ নৱেম্বৰ পৰ্যন্ত বন্ধ থাকিব যাৰ সন্দৰ্ভত পিছত লোৱা হ’ব সিদ্ধান্ত।


তেওঁ লগতে কয় যে বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলে সমগ্ৰ অসমতে বিশ্ববিদ্যালয় পুনৰ খোলাৰ বিষয়ে সিদ্ধান্ত ল'ব।