ডাঃ কুশল কোঁৱৰকে ধৰি ৫ অসমীয়ালৈ পদ্মশ্ৰী সন্মান

Tuesday, 31 March 2020

দৈনিক বাতৰি

ডাঃ কুশল কোঁৱৰকে ধৰি ৫ অসমীয়ালৈ পদ্মশ্ৰী সন্মান

জিপ্লাছ | January 27, 2020 11:22 hrs

গুৱাহাটী - অসমৰ বিশিষ্ট হস্তী চিকিৎসক কুশল কোঁৱৰকে ধৰি অসমৰ পাচগৰাকী বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে ২০২০ চনৰ পদ্মশ্ৰী সন্মান। দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ঘোষণা কৰা হৈছে পদ্ম সন্মান লাভ কৰিবলগীয়া ব্যক্তিসকলৰ নাম।

অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী ইন্দিৰা পি পি বৰা, বিশিষ্ট সাহিত্যিক লীলাবাহাদুৰ ছেত্ৰী, প্ৰসিদ্ধ চিকিৎসক ডাঃ ৰবি কান্নান, সাহিত্যিক শিক্ষাবিদ যোগেন্দ্ৰ নাথ ফুকন আৰু বিশিষ্ট পশু চিকিৎসক ডাঃ কুশল কোঁৱৰলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ পদ্মশ্ৰী সন্মান।

উল্লেখ্য যে নিজস্ব কৰ্মৰাজিৰে বিভিন্ন ক্ষেত্ৰত উজলি উঠা সৰ্বমুঠ ১৪১ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে এইবাৰৰ পদ্ম সন্মান। ১১৮ গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱাৰ লগতে ১৬ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ সন্মান। ইফালে দেশৰ ৭ গৰাকী স্বনামধন্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ।

প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজ, অৰুণ জেটলী, সুষমা স্বৰাজক মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে।