Whole Country Stands with People of Assam: Rahul Gandhi | Assamese News
দৈনিক বাতৰি

‘অসমবাসীৰ লগত সমগ্ৰ ভাৰত আছে’- ৰাহুল গান্ধী

জিপ্লাছ নিউজ ডেস্ক | July 18, 2020 12:34 hrs

১৮ জুলাই, গুৱাহাটী: সংহাৰী বানৰ কবলত ৰাজ্যবাসী।এনে প্ৰতিকুল সময়ত  কংগ্ৰেছৰ যুৱৰাজ  তথা  সংসদৰ সদস্য ৰাহুল গান্ধীয়ে দক্ষিণ শালমাৰাৰ এক বানপানীৰ ভিডিঅ’ শ্বেয়াৰ কৰি ৰাজ্যৰ মাৰাত্মক পৰিস্থিতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। 

লগতে নেতাগৰাকীয়ে নিজ দলৰ নেতাসকলৰ সকলৰ লগতো অসমৰ এই বিভীষিকাৰ প্ৰতি মাত মাতিবলৈ আৰু সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। 

নেতাগৰাকীয়ে টুইটযোগে ৰাজ্যখনক নিৰ্ভয় প্ৰদান কৰি কয়-‘অসমবাসীৰ লগত সমগ্ৰ দেশ আছে। ৰাজ্যবাসীয়ে সমস্যাসমূহৰ পৰা  পৰিত্ৰাণ পাবৈ অতি সাহসেৰে যুঁজ কৰি আহিছে। কংগেছ দলৰ সকলো দলীয় ক্ৰমী তথা লেতাকে আগবাঢ়ি আহি অসমলৈ সহায়ৰ হাত আদবঢ়াবলৈ আহ্বান জনাইছো।”