তিনিচুকীয়া কাণ্ড - প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা আৰু জীতেন দত্তক সোধ-পোচৰ বাবে তলৱ

Saturday, 05 December 2020

দৈনিক বাতৰি

তিনিচুকীয়া কাণ্ড - প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা আৰু জীতেন দত্তক সোধ-পোচৰ বাবে তলৱ

জি প্লাছ নিউজডেস্ক | November 02, 2018 12:14 hrs

গুৱাহাটী - যোৱানিশা তিনিচুকীয়া জিলাত সংঘটিত বৰ্বৰ হত্যাকাণ্ড সন্দৰ্ভত সোধ-পোচ কৰিবৰ বাবে আজি পানবজাৰ থানালৈ তলৱ প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা আৰু জীতেন দত্তক। উল্লেখ্য যে তিনিচুকীয়াৰ ছৈখোৱাত যোৱা নিশা ৫ জন নিৰীহ লোকক গুলীয়াই হত্যা কৰা সন্দৰ্ভত জীতেন দত্তক জেৰা কৰিবৰ বাবে শিৱসাগৰৰ পৰা মাতি অনা হৈছে।

আজি পুৱা ১০ বজাতে পাণবজাৰ থানাত উপস্থিত হৈছে মৃণাল হাজৰিকা। গুৱাহাটী মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সোধপোছ কৰিছে হাজৰিকাক। উপস্থিত হৈছে মৃণাল হাজৰিকাও।

আলফাৰ ২৮তম বেটেলিয়নৰ প্ৰাক্তন কামাণ্ডাৰ জীতেন দত্তক ইতিমধ্যে আজি পুৱাতেই গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰি সোধ-পোচ কৰে।

জীতেন দত্ত (বাওঁফালে) মৃণাল হাজৰিকা (সোঁফালে)