জন-ধন একাউণ্টধাৰী মহিলালৈ প্ৰতিমাহে ৫০০ টকাকৈ কেন্দ্ৰ চৰকাৰৰ সাহায্য
দৈনিক বাতৰি

জন-ধন একাউণ্টধাৰী মহিলালৈ প্ৰতিমাহে ৫০০ টকাকৈ কেন্দ্ৰ চৰকাৰৰ সাহায্য

জিপ্লাছ | March 26, 2020 14:43 hrs

২৬ মাৰ্চ, গুৱাহাটী - এতিয়াৰে পৰা জনধন একাউণ্টধাৰী মহিলাসকলে প্ৰতিমাহে সাহায্য হিচাপে লাভ কৰিব ৫০০ টকাকৈ। এই ধন দিব কেন্দ্ৰ চৰকাৰে। আজি নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে পৰৱৰ্তী তিনিমাহৰ বাবে জনধন একাউণ্টধাৰী মহিলাসকললৈ প্ৰতি মাহে ৫০০ টকাকৈ সাহায্য আগবঢ়োৱা হ’ব।

বিত্তমন্ত্ৰী সীতাৰমণে কয়, "সমগ্ৰ দেশতে প্ৰায় ৬৩ লাখ আত্মসহায়ক গোট আছে। তেওঁলোকে এই পৰ্যন্ত আনুষঙ্গিক ব্যয়বিহীন ঋণ হিচাপে ১০ লাখ টকাকৈ লাভ কৰি আহিছে। পিছে এতিয়াৰে পৰা এই ধনৰ পৰিমাণ আমি দুগুণ কৰিছো, অৰ্থাৎ এতিয়াৰে পৰা ২০ লাখ টকা পৰ্যন্ত ধন এই গোটসমূহে লাভ কৰিব পাৰিব।”