ছয়গাঁৱত চাৰিটাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰ
দৈনিক বাতৰি

ছয়গাঁৱত চাৰিটাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰ

জিপ্লাছ নিউজ ডেস্ক | February 05, 2020 11:20 hrs

৫ ফেব্ৰুৱাৰী, গুৱাহাটী : ছয়গাঁৱত চাৰিটাকৈ বোমা উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। ছয়গাঁও থানাৰ অন্তৰ্গত পানীখাইতিত স্থানীয় ৰাইজে উদ্ধাৰ কৰে হস্তনিৰ্মিত বোমাকেইটা। 

প্ৰাপ্ত তথ্যমতে যোৱা নিশা পানীখাইতিৰ এটা পৰিয়ালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল অচিনাক্ত দুৰ্বৃত্তই। ইয়াৰ পাছতে দুৰ্বৃত্তকেইটাই আক্ৰমণ চলাই পলায়ন কৰাৰ সময়তে ঘটনাস্থলীত এখন পালছাৰ বাইকসহ বোমাকেইটা ৰৈ যায়।

দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত সামান্য পৰিমাণে আহত হয় বুদ্ধেশ্বৰ চৌধুৰী আৰু ৰেখা চৌধুৰী নামৰ দুগৰাকী।

ততাতৈয়াকৈ স্থানীয় ৰাইজে ছয়গাওঁ আৰক্ষীক খবৰ দিয়ে। ছয়গাঁও আৰক্ষীয়ে বোমাকেইটা নিস্ক্ৰিয় কৰাৰ বাবে বোমাকেইটা কুকুৰমাৰাৰ বাঢ়ন্তী ৰিজাৰ্ভলৈ লৈ যায়। ঘটনাস্থলীত বোমা বিশেষজ্ঞও উপস্থিত হৈছেহি।

উদ্ধাৰ হোৱা বোমা