গুৱাহাটীত পুনৰ ভণ্ড বাবাৰ ভণ্ডামি! কামনা চৰিতাৰ্থ কৰি আৰক্ষীৰ জালত

Wednesday, 16 October 2019

দৈনিক বাতৰি

গুৱাহাটীত পুনৰ ভণ্ড বাবাৰ ভণ্ডামি! কামনা চৰিতাৰ্থ কৰি আৰক্ষীৰ জালত

জিপ্লাছ ব্যুৰো | April 26, 2019 11:40 hrs

গুৱাহাটী - গুৱাহাটীত পুনৰ এক ভণ্ড বাবাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে। এগৰাকী ১৬ বছৰীয়া ছোৱালীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰা ভণ্ড বাবাটো ঘনশ্য়াম দাস বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ উজান বজাৰৰ এটা পৰিয়ালে বিগত বৰ্ষতে এই স্বয়ম্ভু বাবাটোক ঘৰলৈ মাতি আনে কোনো পৰম্পৰা সম্পন্ন কৰিবৰ বাবে। পৰম্পৰা সম্পন্ন কৰাৰ পিছত পৰিয়ালৰ হস্তৰেখা পৰীক্ষা কৰি বাবাটোৱে কয় যে ঘৰৰ কাম কৰা ১৬ বছৰীয়া ছোৱালীগৰাকীৰ দেহত অপদেৱতা লম্ভিছে আৰু অপদেৱতা আঁতৰাবৰ বাবে হোম-যজ্ঞ কৰিব লাগিব।

কাৰ্যত পৰিয়ালটোৱে এই হোম যজ্ঞৰ বাবে এক আছুতীয়া কোঠা সাজু কৰি দিয়ে। পিছে এই আছুতীয়া হোম যজ্ঞৰ গইনা লৈ বাবাটোৱে অপকৰ্ম সংঘটিত কৰি পলায়ন কৰে। 
 
জানিব পৰামতে, এই ঘটনা সংঘটিত হৈছিল পাথৰকুৱৰীৰ বিষ্ণুনগৰ এলেকাত। কিছুদিন পূৰ্বে ভুক্তভোগী ছোৱালীগৰাকী অসুস্থ হোৱাত এপলো হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতেই ঘটনাটি পোহৰলৈ আহে। চিকিত্সালয় কৰ্তৃপক্ষই প্ৰতিবেদনত ছোৱালীগৰাকী গৰ্ভৱতী বুলি উল্লেখ কৰে। আনকি ছোৱালীগৰাকীয়ে এটা ল’ৰা সন্তানো প্ৰসৱ কৰে। 

ইয়াৰ পিছতেই পৰিয়ালটোৱে সাতগাঁও থানাত এটা অভিযোগ দাখিল কৰে, আৰু সেই অভিযোগৰ ভিত্তিতেই ২৫ এপ্ৰিলত ভণ্ড বাবা ঘনশ্যাম দাসক সাতগাওঁ থানাই আটক কৰিছে। জানিব পৰামতে বাক্সা নিবাসী আটকাধীন ঘনশ্যাম দাস প্ৰতি বৃহস্পতিবাৰে গুৱাহাটীলৈ আহে। ঘটনাৰ তদন্ত অব্যাহত আছে।

Banner

প্ৰতিনিধিত্বমূলক ছবি