সোণাৰিত বন‍্য হস্তীৰ তাণ্ডৱ, বিধ্বস্ত কৰিলে তিনিটাকৈ বাসগৃহ
দৈনিক বাতৰি

সোণাৰিত বন‍্য হস্তীৰ তাণ্ডৱ, বিধ্বস্ত কৰিলে তিনিটাকৈ বাসগৃহ

অভিজিৎ ভূঞা, চৰাইদেউ | July 20, 2019 11:52 hrs

২০ জুলাই, চৰাইদেউ - চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বিশেষকৈ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কিছুদিন  বিৰতিৰ অন্তত যোৱা নিশা পুনৰ সোণাৰি  নগৰৰ সমীপৱৰ্তী তথা টাওকাক গাওঁ পঞ্চায়তৰ এলেকাধীন জৱকা চাহ বাগিচাৰ সমীপৰ  জবকা হাবি গাওঁত বন্যহস্তীৰ এটা দলে উপদ্ৰৱ চলাই তিনিটা বাসগৃহৰ লগতে বহু লোকৰ বাৰীৰ গছ গছনি ভাঙি লণ্ড ভণ্ড কৰে।

জানিব পৰা মতে, জৱকা হাবি গাওঁত যোৱা নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাক এটাই ওৰে নিশা অঞ্চলটোত উপদ্ৰৱ চলায়। সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোত কেইবাটাও পোৱালি আছিল বুলিও জানিব পৰা গৈছে।

হাতীৰ জাকটোৱে অল্পনা মাল , দূৰ্গেশ্বৰী মাল আৰু জীতেন মুড়া নামৰ ব্যক্তি কেইজনৰ বাসগৃহ আৰু বাৰীৰ তামোল শাক পাছলীৰ গছ গছনি ভাঙি তহিলং কৰে। নিশা ৮ বজাতে হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই থাকে। অৱশ্যে পুৱা প্ৰায় চাৰিমান বজাত বনকৰ্মীয়ে হাতীৰ জাকটো খেদি পঠিয়ায়। বৰ্তমানেও হাতীৰ জাকটো গাওঁ খনৰ কাষতে বিচৰণ কৰি ফুৰাত গাওঁ বাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে  অভয়পুৰ সংৰক্ষিত বনাঞ্চলত চোৰাংকাঠ বেপাৰীয়ে গছ কাটি ধ্বংস কৰাৰ ফলত বন্য হস্তীৰ সন্ত্ৰাসত গাওঁৰ ৰাইজে উজাগৰে দিন কটাবলগীয়া হৈছে । যোৱা নিশা অঞ্চলটোৰ তিনিওটা  শ্ৰমিক পৰিয়ালটিৰ বাসগৃহ হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাত সম্প্ৰতি দিশহাৰা উক্ত পৰিয়ালটি সম্প্ৰতি  মুকুলি আকাশৰ তলত।উল্লেখযোগ্য যে চালিত বৰ্ষতে বনৰীয়া হাতীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত এতিয়া লৈকে কুৰিখনৰো অধিক ঘৰ ভাঙি বিধ্বস্ত কৰিছে যদিও বন বিভাগ এতিয়াও গভীৰ নিদ্ৰাত।

প্ৰতিনিধিত্বমূলক ছবি