শদিয়াৰ চৈখোৱা ঘাটত গুলীচালনা, পাচজন নিহত
দৈনিক বাতৰি

শদিয়াৰ চৈখোৱা ঘাটত গুলীচালনা, পাচজন নিহত

জি প্লাছ নিউজডেস্ক | November 01, 2018 22:31 hrs

গুৱাহাটী - শদিয়াৰ চৈখোৱা ঘাটত গুলীচালনা৷ থিতাতে নিহত ৫ জন লোক৷  নিহতকেইজন ক্ৰমে সুবল দাস, অনন্ত বিশ্বাস শ্যামল বিশ্বাস, অবিনাশ বিশ্বাস আৰু ধনঞ্জয় নমঃশুদ্ৰ।

ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত থকাৰ সন্দেহ। ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে সেনা-আৰক্ষীৰ এটা বৃহৎ দল।  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক উক্ত স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে।

মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈকো ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

মৃতকৰ ফটো