ৰৌতাত গুলীচালনা, এজন আহত, মাৰণাস্ত্ৰসহ ধৃত ২

Saturday, 06 June 2020

দৈনিক বাতৰি

ৰৌতাত গুলীচালনা, এজন আহত, মাৰণাস্ত্ৰসহ ধৃত ২

জিপ্লাছ ব্যুৰ’ | July 26, 2019 14:04 hrs

ওদালগুৰি - ওদালগুৰি জিলাৰ ৰৌতাৰ বকুলতলাত কালি নিশা সংঘটিত হৈছে এক চাঞ্চ্যলকৰ ঘটনা। ওদালগুৰি সদৰ আৰক্ষী থানাৰ চাপমাৰী আৰক্ষী চকীৰ অন্তৰ্গত বকুলতলাত বৃহস্পতিবাৰে ৰাতি প্ৰায় ৯ বজাত সংঘটিত হৈছে গুলীচালনাৰ এক ঘটনা।

তিনিজনীয়া দুৰ্বৃত্তৰ দল এটাই গুলীয়াই আহত কৰে ৰাণী পুখুৰী গাঁৱৰ মুছা আলী নামৰ নাপিত এজনক। 

স্থানীয় ৰাইজে আমিৰ উদ্দিন ওৰফে কালীয়া আৰু ছমিৰ আলী নামৰ দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও বিছু আলী নামৰ আন এজন দুৰ্বৃত্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইতিমধ্যে ৰৌতা আৰক্ষীৰ হাতত গতাই দিয়া হৈছে দুয়োটা দুৰ্বৃত্তক।

দুৰ্বৃত্তই ব্যৱহাৰ কৰা এটা হস্তনিৰ্মিত পিষ্টল যোৱা নিশা ঘটনাস্থলীৰ কাষৰে পথাৰৰ পানীযুৱলীত উদ্ধাৰ হৈছে। তাৎপৰ্যপূৰ্ণভাৱে আজিও পুৱা আন এটা পিষ্টলো ঘটনাস্থলীৰ কাষতে উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।